তিনিচুকীয়া: ২২ অক্টোবৰ: সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলত সফলতা অৰ্জন কৰি সমগ্ৰ তিনিচুকীয়া জিলা খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ বিচিত্ৰা দাস, শিখা নাথ আৰু সৃষ্টি কলিতা লৈ অভিনন্দন জ্ঞাপন কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷
প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহত উপস্থিত হৈ আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই,তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱা,জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক চেলু হুছেইন সহ কেইবাজনো বিষয় ববীয়াই গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে।
ইপিনে, এ পি এছ চি ত উত্তীৰ্ণ তিনিচুকীয়াৰ দহোতীয়াচুকৰ অমৃত কুমাৰ দাস আৰু পাপৰি দাসৰ একমাত্ৰ কন্যা বিচিত্ৰা দাসক আজি জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতি আৰু অসম প্ৰদেশ কংগ্ৰেছে সম্বৰ্ধনা জ্ঞাপন কৰে।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি ৰূপম কাকতি, তিনিচুকীয়া জিলা সমিতিৰ সদস্য কৃষ্ণ নেওগ। আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰণৱ বৰুৱা, ব্লক কংগ্ৰেছৰ অৰূপ দাসে সম্বৰ্ধনা কৰে।
Comments