Cartoon
View Older
তিনিচুকীয়া: ২২অক্টোবৰঃ তিনিচুকীয়াৰ বৰপথাৰৰ পৰা আজি ড্ৰাগছসহ তিনিযুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । তিনিচুকীয়া আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক ভাস্কৰ ৰাজবৰুৱাৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছসহ তিনিজন যুৱকক আটক কৰে ৷
জানিব পৰা মতে বৰপথাৰৰ পিণ্টু সূত্ৰধৰৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ বীৰবল দাস(২৫),অম্লান মেধি(২৩) আৰু পিণ্টু সূত্ৰধৰ(২৪)ক আটক কৰিবলৈ সক্ষম হয় । ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ২২গ্ৰাম ড্ৰাগছ জব্দ কৰে।
কেওজনকে অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোছা কৰিছে। তিনিচুকীয়া জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ব্যৱস্থা গ্ৰহণ কৰিছে ।
Comments