Cartoon
View Older
গুৱাহাটী,২৩ অক্টোবৰ:টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ । খেলখনৰ প্ৰথমটো বলতে ভাৰতীয় দলৰ বেটিং পৰাক্ৰমত ড্ৰেছিং ৰূমলৈ উভটি যাবলগীয়া হৈছিল পাকিস্তানৰ অধিনায়ক ।
অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত এই খেলত বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াৰ বেটিং পৰাক্ৰম ।১৬০ ৰাণৰ লক্ষ্য ভেদি পাকিস্তানক হৰুৱাই প্ৰতিশোধ পূৰণ টীম ইণ্ডিয়াৰ ।
“ ই এক অধিবাস্তৱবাদী পৰিৱেশ আছিল৷ কি হৈছিল মই নেজানো৷" - এনেদৰে প্ৰকাশ কৰে ‘প্লেয়াৰ অফ দা মেছ’ বিৰাট কোহলীয়ে৷
পাকিস্তানে প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তান দলে ৮ ৱিকেটৰ বিনিময়ত ১৫৯ ৰাণ কৰে৷
তাৰ প্ৰত্যুত্তৰত ভাৰতে ৬ ৱিকেটৰ বিনিময়ত ১৬০ ৰাণ কৰি জয় লাভ কৰে৷ বিৰাট কোহলীয়ে ৫৩ টা বলত অনবদ্য ৮২ ৰাণেৰে ভাৰতক জয় লাভৰ দিশত আগুৱাই নিয়ে৷
Comments