গুৱাহাটী,২৪ অক্টোবৰ:পঞ্চভূতত বিলীন হ'ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ নশ্বৰদেহ ৷ সোমবাৰে পুৱা বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছত মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী ৰণজিৎ দাস, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বৰপেটাৰ সাংসদ আব্দুল খালেক, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস আদিয়ে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ৷
ইয়াৰ পিছতে ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে টোপধ্বনি কৰা হয় ৷ টোপধ্বনি আৰু গাৰ্ড অব অনাৰ প্ৰদৰ্শনৰ পিছতে বাপজনাৰ নশ্বৰদেহ গায়ন-বায়ন, নাম-প্ৰসংগৰে শোভাযাত্ৰা কৰি থুল তিনিহাটীৰ তিনি বাটচ'ৰাৰ প্ৰথমতে নহাটীৰ বাটচ'ৰা, উত্তৰ হাটীৰ বাটচ'ৰা আৰু দক্ষিণ হাটীৰ বাটচ'ৰালৈ নি সন্মান জনোৱা হয় ৷ ইয়াৰ পিছত বৰপেটা সত্ৰ চৌহদলৈ নি সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে তিনি পাক প্ৰদক্ষিণ কৰাই বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷
Comments