Cartoon
View Older
গুৱাহাটী,২৪ অক্টোবৰ:বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি । দুদিনমানৰ পিছতে শুনিবলৈ নাপাব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব ।প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে।
সেইমৰ্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হ’ব । উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল ।
Comments