গুৱাহাটী, ২২ অক্টোবৰঃ বৃটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে শেহতীয়াকৈ পদত্যাগ কৰিছে। প্ৰধানমন্ত্ৰী হোৱাৰ মাত্ৰ ৪৪ দিনৰ পিছত তেওঁ এই পদ ত্যাগ কৰিছে। ব্ৰিটেইনে বৰ্তমান অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰি আছে৷ ট্ৰাছৰ দলৰ নেতাসকল তেওঁৰ বিৰুদ্ধে থিয় হৈছিল। ইয়াৰ পিছত, বৰ্ধিত ৰাজনৈতিক চাপৰ মাজত তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। অৱশ্যে, তেওঁ নতুন প্ৰধানমন্ত্ৰী নোহোৱালৈকে এই পদৰ দায়িত্বত থাকিব। ট্ৰাছ এতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নহ'ব পাৰে, কিন্তু মাত্ৰ ৪৪ দিনৰ কাৰ্যকালৰ পিছত, তেওঁ গোটেই জীৱন এই পদবীৰ বাবে পেঞ্চন হিচাপে বহু পৰিমাণৰ ধন লাভ কৰিব। তেওঁ প্ৰতি বছৰে ভাৰতীয় হিচাপত ১ কোটি টকাতকৈ অধিক পেঞ্চন লাভ কৰিব।
লিজ ট্ৰাছ ব্ৰিটেইনৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হৈছে। কেৱল ৪৪ দিনৰ বাবে দায়িত্বত থকাৰ পিছত লিজ ট্ৰাছে প্ৰতি বছৰে ব্ৰিটেইন চৰকাৰৰ পৰা প্ৰায় ১,১৫ ০০০ ইউৰো অৰ্থাৎ ভাৰতীয় হিচাপত ১ কোটি ৬ লাখ ৯২ হাজাৰ ৮০৭ টকাৰ পেঞ্চন লাভ কৰিব। প্ৰকৃততে, ব্ৰিটেইনৰ আইন অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে বছৰি ১,১৫,০০০ ইউৰোলৈকে পেঞ্চন লাভ কৰে। এই ধনেৰে, তেওঁলোকে নিজৰ কৰ্মচাৰী, কাৰ্যালয় আৰু অন্যান্য ব্যয় উলিয়াব পাৰে। কিন্তু এই ধন চৰকাৰী কাম আৰু ৰাজহুৱা কৰ্তব্যৰ বাবে উপলব্ধ।
ইপিনে, প্ৰধানমন্ত্ৰী পদৰ পৰা লিজ ট্ৰাছৰ পদত্যাগৰ পিছত, ভাৰতীয় বংশোদ্ভূত সাংসদ ঋষি চুনাকৰ নাম পুনৰ চৰ্চালৈ আহিছে। ঋষি সুনাকৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা শক্তিশালী হৈ পৰিছে। যদি এনে হয়, তেন্তে প্ৰথমবাৰৰ বাবে এজন ভাৰতীয় বংশোদ্ভূত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ'ব। ব্ৰিটেইনৰ বৰিছ জনছনৰ পদত্যাগৰ পিছত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ঋষি চুনাক লিজ ট্ৰাছৰ সৈতেও জড়িত আছিল। কিন্তু টৰী নেতৃত্বৰ যুঁজত তেওঁ লিজ ট্ৰাছৰ হাতত পৰাজিত হৈছিল।
Comments