Cartoon
View Older
গুৱাহাটী, ২২ অক্টোবৰঃ সদ্যঘোষিত এপিএছচি ২০২০ বৰ্ষৰ ফলাফলত ৰাজ্যৰ সৰ্বমুঠ উত্তীৰ্ণ ৩৩১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত জু-ৰোডস্থিত এছপিএম আইএএছ (SPM IAS) একাডেমীৰ পৰা ১৭৭ গৰাকী প্ৰাৰ্থীয়ে এচিএছ, এপিএছ সৈতে বিভিন্ন পদবীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰতিষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই উপলক্ষে আজি একাডেমীৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। লগতে শিক্ষাৰ্থীসকলেও মনৰ কথা ভাগ বতৰা কৰি আগন্তুক বৰ্ষৰ শিক্ষাৰ্থীসকলক অনুপ্রাণিত কৰে।
Comments