গুৱাহাটী, ২৫ অক্টোবৰঃ যেতিয়াই মানুহে টোপনি মাৰে, তাৰ পিছত কোনে কি কৰি আছে, কেনেকৈ আছে একো গম নাপায়। সকলোৱে নিশ্চয় দেখিছে যে যদি কোনোবাই গাড়ীত অথবা আন যানবাহনত টোপনি যায়, তেন্তে প্ৰায়ে বাগৰি পৰা দেখা যায়। মানুহে শুই থাকোঁতে নিজকে সন্তুলিত কৰি ৰাখিব নোৱাৰে। কিন্তু চৰাইৰ ক্ষেত্ৰত এনে নহয়। মানুহৰ দৰে চৰাইবোৰো বেছি সময় শুব লগা নহয়। চৰাইবোৰ মাত্ৰ ১০ ছেকেণ্ড গভীৰ টোপনি মাৰে। সকলোৱে জানি আচৰিত হ'ব যে চৰাইবোৰে এটা চকু মেলিও শুব পাৰে। চৰাইবোৰৰ কিছুমান বিশেষ শক্তিও আছে, যাক ব্যৱহাৰ কৰি চৰাইবোৰে শোৱাৰ সময়তো নিজকে সক্ৰিয় কৰি ৰাখিব পাৰে।
চৰাইৰ ক্ষেত্ৰত, সিহঁতে মগজুৰ অংশক টোপনি যোৱাৰ সময়তো সক্ৰিয় কৰি ৰাখে। এইটো বিশেষ কাৰণৰ বাবে শোৱাৰ সময়তো, চৰাইবোৰে যিকোনো বিপদৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে কিয়নো সিহঁতৰ মগজুৰ এটা অংশ সক্ৰিয় থাকে। এইকাৰণে সিহঁতে শুই থাকোঁতেও যিকোনো চিকাৰীৰ পৰা নিজকে বচাই ৰাখিবলৈ সক্ষম হয়।
চৰাইবোৰৰ ভৰিৰ আকৃতিৰ বাবে, চৰাইবোৰ গছৰ ডালত থাকিবলৈ সক্ষম হয়। যেতিয়া চৰাইবোৰে গছৰ ডালত শুবলৈ বহে, সিহঁতৰ নখৰ গাঁথনিয়ে ভালদৰে ধৰি ৰাখিবলৈ সহায় কৰে। এই গাঁথনিবোৰে চৰাইবোৰৰ বাবে এক প্ৰকাৰে লক হিচাপে কাম কৰে আৰু এই কাৰণে কিছুমান চৰাই ডালত ওলোটাকৈ ওলমি শুই থাকিব পাৰে।
Comments