গুৱাহাটী, ২৫ অক্টোবকঃ ভাৰতীয় মূলৰ ঋষি চুনাকে শেহতীয়াকৈ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। লিজ ট্ৰাছৰ পদত্যাগৰ পিছত, ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ আটাইতকৈ শক্তিশালী দাবীদাৰ আছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন প্ৰধানমন্ত্ৰী পদৰ দৌৰৰ পৰা আতৰাৰ পিছত, বিশ্বাস কৰা হৈছিল যে চুনাক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। ভাৰতীয় মূলৰ ৪২ বছৰীয়া চুনাক ১০০ ৰো অধিক সাংসদৰ সমৰ্থন থকা একমাত্ৰ প্ৰাৰ্থী আছিল।
প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব অস্বীকাৰ কৰাৰ পিছত সোমবাৰে ভাৰতীয় বংশোদ্ভূত নেতা ঋষি চুনাকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতৃত্ব গ্ৰহণৰ সম্ভাৱনা অধিক শক্তিশালী হৈ পৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে নিশা প্ৰধানমন্ত্ৰী পদৰ দৌৰৰ পৰা নিজকে প্ৰত্যাহাৰ কৰি কয় যে "এয়া প্ৰধানমন্ত্ৰীৰ পদৰ বাবে সঠিক সময় নহয়।"
ই পিনে, প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ আগতে ঋষি চুনাকে কৈছিল যে তেওঁ "দেশৰ অৰ্থনীতি ঠিক কৰিব বিচাৰে, তেওঁৰ দলক একত্ৰিত কৰিব বিচাৰে আৰু দেশৰ বাবে কাম কৰিব বিচাৰে।" শিবিৰ এৰি যোৱাৰ পিছত চুনাকক সমৰ্থন জনাইছে, য'ত প্ৰাক্তন গৃহ মন্ত্ৰী প্ৰীতি পেটেল, কেবিনেট মন্ত্ৰী জেমছ ক্লেভাৰলি আৰু নাদিম জাহাৱী অন্তৰ্ভুক্ত আছে। চুনাকে চৰকাৰী পৰ্যায়ত "সততা, পেছাদাৰীতা আৰু দায়বদ্ধ" হোৱাৰ প্ৰতিশ্ৰুতি দি কয় যে, "মই সমস্যা সমাধানৰ বাবে দিনে-নিশাই কাম কৰিম।"
ঋষি চুনাকৰ জন্ম ১৯৮০ চনৰ ১২ মে তাৰিখে চাউদাম্পটন জেনেৰেল হস্পিটেলত হৈছিল। তেওঁৰ দেউতাক যশবীৰ সুনাকৰ জন্ম কেনিয়াত হৈছিল, আনহাতে তেওঁৰ মাতৃ ঊষাৰ জন্ম টাঞ্জিনিয়াত হৈছিল। ঋষি চুনাকৰ ককা-আইতাৰ জন্ম ভাৰতৰ পঞ্জাৱত হৈছিল আৰু ১৯৬০ ৰ দশকত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল। তেওঁৰ মাক ঊষা তেতিয়া ৱেষ্টন ফাৰ্মাচীৰ মেনেজাৰ আছিল।
Comments