Cartoon
View Older
গুৱাহাটী,২৫ অক্টোবৰ:অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীৰ সোমবাৰে স্বাস্থ্যৰ অৱনতি ঘটে ৷ গোস্বামীৰ শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে তৎকালীনভাৱে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হয় ৷ বিশিষ্ট অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই হাস্পতালখনৰ হৃদৰোগ বিভাগৰ আইচিইউত ভৰ্তি কৰা হয় ৷
অভিনেতা নিপন গোস্বামী সম্প্ৰতি হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ আৰু হাওফাও বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত চিকিৎসাধীন হৈ আছে । অভিনেতাজন আই চি ইউত ভৰ্তি হৈ আছে যদিও বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ আৰু কোনো জটিলতা নাই বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই ৷
Comments