Cartoon
View Older
গুৱাহাটী, ২৫ অক্টোবৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাসৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে।বিগত কেইবছৰ মানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সুকুমাৰ বিশ্বাস অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম ৰাজ্যিক সম্পাদক আছিল।
এক শোকবার্তাত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যৰ বঙালী সম্প্ৰদায়ৰ লোকসকলৰ সামগ্রিক উন্নয়নৰ দিশত বিশ্বাসৰ অৰিহণা স্মৰণীয় হৈ ৰ'ব।বৰপেটা জিলাত জন্মগ্রহণ কৰা বিশ্বাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু পিছলৈ সমাজসেৱাত নিজকে আত্মনিয়োগ কৰিছিল। ছাত্র নেতা হিচাপে জীৱনৰ এটা সময়ত তেওঁ সদৌ অসম বঙালী যুৱ-ছাত্র ফেডাৰেশ্যনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Comments