গুৱাহাটী, ২৫ অক্টোবৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাণবজাৰস্থিত পুৰণি উপায়ুক্ত কাৰ্যালয় ভৱনৰ স্থানত বর্তমানে অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজসমূহ পৰিদৰ্শন কৰে। পুৰণি উপায়ুক্তৰ কাৰ্যালয়, পুৰণি আৰক্ষী আয়ুক্তৰ চৰকাৰী আৱাসিক এলেকা আদি স্থানত নির্মিয়মান কাম-কাজ চৰজমিন পর্যবেক্ষণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।
উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ তথা ভাৰত চৰকাৰৰ এক্ট ইষ্টনীতিৰ অন্যতম গুরুত্বপূর্ণ অংগ হিচাপে গুৱাহাটী মহানগৰীৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনক ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এই নির্মাণকার্য সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ শোভাবৰ্দ্ধন হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ ক্ষেত্ৰত দেশী বিদেশী পর্যটকসকলক বিশেষভাৱে আকৰ্ষিত কৰিব। এই পৰিদৰ্শনৰ সময়ত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননী গোপাল মহন্ত, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।
আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বিদ্যাপীঠ হাইস্কুলত উপস্থিত হৈ বিদ্যালয় দুখনৰ শ্ৰেণীকোঠা, চাৰিবেৰ আদি আন্তঃগাঁথনিসমূহৰ পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াৰ উন্নয়নৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নির্দেশনা প্ৰদান কৰে। তেওঁ কয় যে এই বিদ্যালয় দুখনৰ এখনক আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ লগতে আনখনৰ ভৱন, চৌহদ আদি সুন্দৰৰূপে সজাই তুলি ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক পৰিৱেশৰ উৎকৰ্ষ সাধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
প্রণিধানযোগ্য যে আন্তঃগাঁথনি উন্নয়নৰ লগতে শৈক্ষিক পৰিৱেশ আৰু শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ মানদণ্ড অধিক উন্নত কৰি শিক্ষানুষ্ঠানসমূহক আদর্শ বিদ্যালয় হিচাপে গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিৰম্ভৰ প্ৰয়াস অব্যাহত ৰাখিছে।এই পৰ্যবেক্ষণৰ কালত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননী গোপাল মহন্ত, কামৰূপ জিলাৰ উপায়ুক্ত কীর্তি জল্পী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
Comments