গুৱাহাটী,২৬ অক্টোবৰ:ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ঋষি সুনাকে । প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে কথা পাতিছিল । আনহাতে ব্ৰিটেইনৰ নতুন চৰকাৰৰ সন্দৰ্ভত ৰাছিয়াইও নিজৰ বক্তব্য আগবঢ়াইছে । ঋষি সুনাক প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ৰাছিয়াই কয় যে তেওঁৰ কাৰ্যকালত ব্ৰিটেইনৰ সৈতে সম্পৰ্ক উন্নত হ’ব বুলি আশা কৰাৰ কোনো কাৰণ নাই ।
ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে ঋষি সুনাক প্ৰধানমন্ত্ৰী হোৱাৰ সন্দৰ্ভত এক বিবৃতিত কয় যে অদূৰ ভৱিষ্যতে ব্ৰিটেইনৰ সৈতে অধিক গঠনমূলক সম্পৰ্ক গঢ়ি তোলাৰ বাবে ৰাছিয়াই কোনো পূৰ্বচৰ্ত, ভিত্তি বা আশা দেখা নাই।
দৰাচলতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল তেতিয়া ব্ৰিটেইনে ইউক্ৰেইনক সমৰ্থন কৰিছিল। তেতিয়াৰ পৰা তেওঁলোকৰ ৰাছিয়াৰ সৈতে সমস্যাৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ অন্যতম মূল সমৰ্থক ব্ৰিটেইন। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত হৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সকলোকে আচৰিত কৰি তুলিছিল ।
আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে টুইট কৰি ঋষি সুনাকক অভিনন্দন জনাইছে। তেওঁ কয় যে, ‘ব্রিটিছ সমাজ আৰু সমগ্র বিশ্বৰ সন্মুখত আপোনালোকৰ সফলতা কামনা কৰিলোঁ৷ মই ঐক্যবদ্ধ হৈ ইউক্ৰেইন আৰু ব্ৰিটেইনৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি ৰাখিবলৈ সাজু’।
Comments