Cartoon
View Older
গুৱাহাটী,২৬ অক্টোবৰ:ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিল ভাৰতীয় মূলৰ ঋষি সুনাক। অহা ২৮ অক্টোবৰত তেওঁ শপত ল’ব। ৪২ বছৰীয়া ঋষি সুনাক দেশৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে। এই সকলোবোৰৰ মাজতে ভাৰতৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী পেচাৰ আশীষ নেহৰা আহিছে ট্ৰেণ্ডিঙত ।
ইফালে আইপিএলৰ গুজৰাট টাইটানছৰ মুখ্য প্ৰশিক্ষক হিচাপে নেহৰাৰ সলনি প্ৰকাশ পাইছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ মুখ । বহুতে টুইটাৰত ব্রিটেইনৰ প্রধানমন্ত্রী নেহৰাকহে শুভেচ্ছা জ্ঞাপন কৰিছে । ইয়াৰ এক মাত্ৰ কাৰণ হৈছে তেওঁলোকৰ মাজত থকা মুখৰ সাদৃশ্য । দীপাৱলীৰ ৰাতি যেতিয়া ঋষি সুনাক প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া নেহৰা আহিছিল টুইটাৰৰ ট্ৰেণ্ডিং লিষ্টত । অপাত দৃষ্টিত চালে সাইলাখ একে দুয়োৰে মুখ ।
Comments