গুৱাহাটী,২৬ অক্টোবৰ: যুদ্ধবিধ্বস্ত ইউক্ৰেইনত শত্ৰুতা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত দেশখনত থকা সকলো ভাৰতীয় নাগৰিকক তৎকালীনভাৱে দেশ এৰি যাবলৈ মঙলবাৰে কিয়েভস্থিত ভাৰতীয় দূতাবাসে এক নতুন পৰামৰ্শ জাৰি কৰিছে ।
ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে টুইটাৰযোগে উল্লেখ কৰে, "১৯ অক্টোবৰত দূতাবাসে জাৰি কৰা পৰামৰ্শটোৰ ভিত্তিতে ইউক্ৰেইনত থকা সকলো ভাৰতীয় নাগৰিকক তৎক্ষণাত উপলব্ধ যিকোনো উপায়েৰে ইউক্ৰেইন এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে । পূৰ্বৰ পৰামৰ্শ অৰ্থাৎ ১৯ অক্টোবৰত দূতাবাসে জাৰি কৰা পৰামৰ্শ অনুসৰি একাংশ ভাৰতীয় নাগৰিকে ইতিমধ্যেই ইউক্ৰেইন এৰিছে৷"
ইয়াৰ উপৰিও দেশখনৰ সীমান্তলৈ যোৱাৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে যিকোনো নিৰ্দেশনা অথবা সহায়ৰ বাবে দিয়া হৈছে যোগাযোগ নম্বৰ ।উল্লেখ্য যে, ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে যোৱা ১৯ অক্টোবৰত এক পৰামৰ্শ জাৰি কৰি উল্লেখ কৰিছিল যে, দেশখনত হৈ থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাজনিত পৰিস্থিতি অধিক অৱনতি ঘটি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকক দেশ এৰি যাবলৈ কোৱা হৈছিল ।
Comments