গুৱাহাটী,২৬ অক্টোবৰ:ভাৰতৰ অন্যতম বিধ্বংসী ষ্ট্ৰাইকাৰ হাৰ্দিক পাণ্ডিয়াৰ মতে পাকিস্তানৰ বিৰুদ্ধে হোৱা শেহতীয়া টি-২০ মেচৰ বিজয়ত মূল ভূমিকা লোৱা সেই দুটা ছিক্স কেৱল বিৰাট কোহলীয়েহে মাৰিব পাৰিলেহেঁতেন।পেচাৰ হেৰিছ ৰাউফক অন্যথা এনেদৰে আক্ৰমন কৰাৰ সাহস সকলোৰে নাই । হেৰিছ ৰাউফৰ সৈতে আছে ভাৰতৰ এক পুৰণি সম্পৰ্ক ।
২০১৮-১৯ বৰ্ষত ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ সময়ত ভাৰতৰ নেট বলাৰ হিচাপে উপস্থিত আছিল পাকিস্তানৰ উদীয়মান পেচাৰ হেৰিছ ৰাউফ । হার্দিক পাণ্ডিয়াৰ সৈতে আছিল তেওঁৰ বিশেষ বন্ধুত্ব । হার্দিকৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে তেওঁ উল্লেখ কৰি কয় যে পাণ্ডিয়াই তেওঁৰ দক্ষতাত আপ্লুত হৈ অতি শীঘ্রে পাকিস্তানৰ হৈ খেলিব বুলি তেতিয়াই আশা প্ৰকাশ কৰিছিল । ২০১৯ চনত ৰাউফে জাতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰা নাছিল ।
"ভাৰতীয় দলৰ মেনেজাৰে অষ্ট্ৰেলিয়াত বেটছমেনক বলিং কৰিব পৰা কিছুমান নেট বলাৰ বিচাৰিছিল। মই অনুভৱ কৰিছিলো যে ই মোৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰক বলিং কৰাৰ এক সুন্দৰ সুযোগ হ'ব। মই চেতেশ্বৰ পূজাৰা আৰু বিৰাট কোহলীক নেটত বলিং কৰিছিলো। হাৰ্দিক পাণ্ডিয়াই মোৰ কাষত বলিং কৰি আছিল আৰু তেওঁ মোক কৈছিল যে মই যঠেষ্ট ভাল কাম কৰিছোঁ আৰু তেওঁ নিশ্চিত যে মই অতি সোনকালে পাকিস্তান দলৰ হৈ খেলিম।’
Comments