গুৱাহাটী,২৬ অক্টোবৰ:মেলবৰ্ণত শেহতীয়াকৈ অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তান খেলখনৰ পিছত উৰ্বশী ৰাউটেলা আৰু ঋষভ পন্ত পুনৰ শিৰোনামলৈ আহিছে। পাকিস্তানৰ বিৰুদ্ধে খেলা মেচত প্ৰথম একাদশত ঋষভৰ ঠাইত দীনেশ কাৰ্তিকে খেলিছিল। ডাগআউটত আছিল ঋষভ।
খেলৰ মাজভাগত ভাৰতৰ যুৱ উইকেটৰক্ষক-বেটছমেন গৰাকীয়ে বাউণ্ডেৰী লাইনলৈ আহিছিল যুৱ পেচাৰ অৰ্শদীপ সিঙৰ লগত কথা পাতিবলৈ । আৰু ঋষভকক দেখি গেলেৰীৰ এটা অংশই 'উৰ্বশী...উৰ্বশী...উৰ্বশী' বুলি চিঞৰ বাখৰ কৰি অস্বস্তিত পেলাইছিল ঋষভক। উৰ্বশীৰ নাম শুনি ঋষভ একেবাৰেই বিচলিত হোৱা নাছিল বৰং তেওঁ অৰ্শদীপৰ লগত কথা পাতিহে থাকিল।
বৰ্তমান টীম ইণ্ডিয়া বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত আছে। কিছুদিন পূৰ্বে উৰ্বশীয়ে ইনষ্টাগ্ৰামত এখন ছবিৰে লিখিছিল, ‘মই মোৰ মনটোৱে যি বিচাৰিছিল তাকেই কৰিলোঁ। মই হৃদয় বিচাৰি অষ্ট্ৰেলিয়ালৈ যাম।' কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত উৰ্বশীয়ে কৈছিল যে এবাৰ শ্বুটিঙৰ বাবে তেওঁ বাৰাণসীলৈ গৈছিল।
শ্বুটিঙৰ পিছত উৰ্বশী পুনৰ হোটেললৈ উভতি আহে। আৰু হোটেলৰ লবীত বহু সময় অপেক্ষা কৰি থকা ঋষভক উৰ্বশীয়ে লগ নকৰাকৈ উভতি গ’ল৷ উৰ্বশীয়ে টোপনি অহাৰ বাবে ঋষভক লগ কৰিব নোৱাৰিলে বুলি ক’লে। পিছদিনা ৰাতিপুৱা উৰ্বশীয়ে সাৰ পাই গম পায় যে ঋষভৰ ১৬-১৭টা মিছ কল। যদিও সাক্ষাৎকাৰত উৰ্বশী ঋষভে নাম কোৱা নাছিল,তেওঁ সংক্ষেপে আৰ পি বুলি কৈছিল!
Comments