গুৱাহাটী,২৭ অক্টোবৰ : কেদাৰনাথ ধামৰ আভ্যন্তৰীণ ভাগৰ দেৱালকে ধৰি চিলিংসমূহত ৫৫০ টাকৈ সোণৰ তৰপ দিয়াৰ পিছত ইয়াৰ এক নতুন উজ্জ্বলতা প্ৰকাশ পাইছে । মন্দিৰৰ আভ্যন্তৰীণ ভাগত লগোৱা সোণৰ লেয়াৰিঙৰ কাম বুধবাৰে পুৱা সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি অজেন্দ্ৰ অজয়ে । তেওঁ কয় যে এই কাম তিনিদিন পূৰ্বৰে পৰা আৰম্ভ কৰা হৈছিল ।
আই আই টি ৰুৰ্কী, চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ৰুৰ্কী আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ ৬ জনীয়া এটা দলে মন্দিৰৰ ভিতৰত লগোৱা সোণৰ এই লেয়াৰিঙৰ কাম পৰিদৰ্শন কৰে । বিশেষজ্ঞসকলে এক প্ৰতিবেদনত দিয়া পৰামৰ্শৰ পিছতে কেদাৰনাথ মন্দিৰত সোণৰ প্ৰলেপ লগোৱাৰ কাম আৰম্ভ হৈছিল । মন্দিৰ কমিটিৰ সভাপতি অজেন্দ্ৰ অজয়ে কয় যে, তিনিদিন পূৰ্বে ১৮ টাকৈ খচ্চৰৰ দ্বাৰা সোণসমূহ কেদাৰনাথলৈ পৰিবহণ কৰা হৈছিল ।
তেওঁ লগতে কয়, ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ দুজন বিষয়াৰ তত্বাৱধানত ১৯ গৰাকী শিল্পীয়ে দেৱাল আৰু চিলিংসমূহত প্ৰলেপ লগোৱাৰ কাম কৰিছিল ।শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্দিৰ পৰিদর্শনৰ সময়ত ৯.৭ কিলোমিটাৰ দৈর্ঘৰ গৌৰীকুন্দ-কেদাৰনাথ সংযোগী এটা ৰ’পৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ এই কাম সম্পূৰ্ণ হোৱাৰ অন্তত এই ৰ’পৱে ব্যৱহাৰ কৰি ভক্তসকলে ৩০ মিনিটৰ ভিতৰত গৌৰীকুণ্ডৰ পৰা আহি মন্দিৰত উপস্থিত হ’ব পাৰিব ।
Comments