গুৱাহাটী,২৭ অক্টোবৰ:বুধবাৰে মল্লীকাৰজুন খাৰ্গে কংগ্ৰেছৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে। আজিৰ দিনটোতে তেওঁ দলীয় কাৰ্যকলাপ পৰিচালনা কৰিবলৈ ৪৭ জনীয়া এখন পৰিচালনা সমিতি ঘোষণা কৰে। এতিয়ালৈকে এই কামৰ বোজা আছিল কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ওপৰত। এইবাৰ ৱৰ্কিং কমিটিৰ সলনি ষ্টিয়াৰিং কমিটী গঠন কৰা হয়। আশা কৰা মতে পেনেলত আছে ছোনিয়া গান্ধী, ৰাহুল গান্ধী। তদুপৰি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সকলো সদস্যই পৰিচালনা সমিতিৰ সদস্য হৈ পৰিছে। কিন্তু খার্গৰ প্রতিদ্বন্দ্বী শশী থাৰুৰৰ এই কমিটিত স্থান নাছিল৷
প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ বাহিৰেও প্রিয়ংকা গান্ধী, এ কে এণ্টনী, অম্বিকা ছোনী, আনন্দ শর্মা, কে চি বেণুগোপাল, ৰণদীপ সুৰজেৱালাকে ধৰি প্রায় সকলো জ্যেষ্ঠ কংগ্রেছ নেতাক পৰিচালনা সমিতিত স্থান দিছে খাৰ্গে৷ প্ৰথা অনুসৰি নতুন কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ পিছত পূৰ্বৰ কংগ্ৰেছৰ কাৰ্যকৰী সমিতি ভংগ কৰা হয়। দলৰ কাম-কাজ পৰিচালনা কৰিবলৈ এখন পৰিচালনা সমিতি গঠন কৰা হয়। এই প্ৰথা অনুসৰণ কৰি কাৰ্যকৰী সমিতিৰ সকলো সদস্য, সাধাৰণ সম্পাদক আৰু বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্তসকলে নতুন কংগ্ৰেছৰ সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
কংগ্ৰেছৰ সংবিধান অনুসৰি দলৰ পূৰ্ণাংগ অধিৱেশনত মল্লীকাৰজুন খাৰ্গেক দলৰ সভাপতি হিচাপে অনুমোদন জনোৱা হ’ব। অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত এই পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হ’ব পাৰে। সেই অধিবেশনৰ পাছত নতুন সভাপতি গৰাকীয়ে নতুন কংগ্ৰেছ ৱৰ্কিং কমিটী গঠন কৰিব। সংবিধান অনুসৰি ১১ জন মনোনীত সদস্যৰে গঠিত এই কাৰ্য্যকৰী সমিতি। আৰু বাকী ১২ জন লোকে নিৰ্বাচনৰ জৰিয়তে আসন লাভ কৰে। সংসদত দলৰ নেতা আৰু কংগ্ৰেছৰ সভাপতি নিজ নিজ পদৰ ভিত্তিত কাৰ্যকৰী সমিতিৰ সদস্য হয়।
Comments