গুৱাহাটী,২৭ অক্টোবৰ:মস্কো আৰু কিয়েভৰ মাজত যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে বুধবাৰে কয় যে ইউক্ৰেইনৰ সাধাৰণ জনসাধাৰণৰ বিৰুদ্ধে ৰাছিয়াই প্ৰায় ৪০০ ড্ৰ’ন ব্যৱহাৰ কৰিছে। তেওঁ লগতে কয় যে এই ড্ৰ’নসমূহ ইৰাণত নিৰ্মিত। ইউক্ৰেইনৰ সংবাদ মাধ্যম দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টে এই খবৰ প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে কিয়েভত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত ইৰাণত নিৰ্মিত প্ৰায় ৪০০ খন শ্বাহেদ-১৩৬ কামিকাজে ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল আৰু দেশখনৰ সাধাৰণ জনসাধাৰণক লক্ষ্য কৰি লৈছিল ৰাছিয়াই । ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত ৰাছিয়াই ৪৩ খন ড্ৰ’নেৰে ইউক্ৰেইনৰ ওপৰত নৃশংস আক্ৰমণ চলাইছিল।
তেহৰাণ আৰু মস্কোৰ মাজত সম্পৰ্ক গভীৰ হোৱাৰ লগে লগে ইৰাণে ৰাছিয়াক অস্ত্ৰ যোগান ধৰাৰ পৰা অস্বীকাৰ কৰি আহিছে। সমগ্ৰ বিশ্বতে এই পদক্ষেপক বহুলভাৱে গৰিহণা দিয়া হৈছিল যদিও ইৰাণে সেয়া অস্বীকাৰ কৰিছিল । ক্ৰিমিয়াৰ এখন দলঙত বিস্ফোৰণ কৰাৰ পিছত শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। এই ঘটনাৰ ফলত ক্ৰিমিয়ান উপদ্বীপ অভিমুখে যোৱা এখন ৰে’লৰ ৭ টা ইন্ধনৰ টেংকিত জুই লাগি যায়। বিস্ফোৰণত নিহত হৈছে ৩ জন লোক। এই কাণ্ডৰ ফলত দলংখনৰ দুটা স্পেন আংশিকভাৱে ভাঙি পৰে।
Comments