Cartoon
View Older
গুৱাহাটী,২৭ অক্টোবৰ:বুধবাৰে নিশা ১২.০১ বজাৰ পৰা আৰম্ভ হোৱা গোৱৰ্ধন পূজা অৰ্থাৎ অন্নকুট উপলক্ষে শীতকালৰ বাবে বন্ধ হৈ পৰে গংগোত্ৰী মন্দিৰৰ কপাটসমূহ। এই শীতকালীন সময়চোৱাত ৰাখিবৰ বাবে মুখবা গাঁৱৰ মুখীমথলৈ ছমাহৰ বাবে গংগা দেৱীৰ মূৰ্তি স্থানান্তৰিত কৰা হৈছে । মুখীমথলৈ যোৱাৰ পথত নিশা এই মূৰ্তি চণ্ডী দেৱী মন্দিৰত ৰাখি বৃহস্পতিবাৰে মূল গন্তব্য স্থানৰ বাবে পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।
কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, এইবাৰৰ চাৰ ধাম যাত্ৰা অন্তিম পৰ্যায়ত থকা তথা ভাই দুজ উপলক্ষে বৃহস্পতিবাৰে যমুনোত্ৰী আৰু কেদাৰনাথ মন্দিৰৰ কপাট বন্ধ থাকিব । ইয়াৰ লগে লগে চলিত ঋতুৰ বাবে যাত্ৰা সমাপ্ত হ’ব,বদ্ৰীনাথ মন্দিৰৰ পৰ্টেলসমূহ অহা ১৯ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হ'ব ৷
Comments