Cartoon
View Older
গুৱাহাটী,২৭ অক্টোবৰ:জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে ৷ জীৱন বাটৰ শেষত শান্তিৰ ঠাইকন বিচাৰি আজি গ’লগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী ৷ এইগৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ছবি জগতৰ লগতে সকলোতে পৰিছে এতিয়া শোকৰ ছাঁ ৷মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷
আনহাতে, ৰাজ্যিক মৰ্যদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰাৰ কথাও অসম চৰকাৰে ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে টুইটযোগে শোক প্ৰকাশ কৰিছে ৷
Comments