গুৱাহাটী, ২৭ অক্টোবৰ:বৃহস্পতিবাৰে অসম আৰক্ষীয়ে প্ৰায় ২৫০০ কেজি ওজনৰ এক বিপুল পৰিমাণৰ গাঞ্জা জব্দ কৰে, যাৰ মূল্য ১৫ কোটি টকা।এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, শেহতীয়াকৈ গাঞ্জা জব্দ কৰাৰ ই হৈছে অন্যতম বৃহৎ ঘটনা। অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তত থকা গুৱাহাটীৰ যোৰাবাট অঞ্চলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে গাঞ্জা চালন । আৰক্ষীয়ে লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত যুটীয়া উপায়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীৰ এটা দলে অভিযান চলায় । হাৰিয়ানাৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাক জব্দ ।
আৰক্ষী বিষয়াজনে জনোৱা মতে, ট্ৰাকখনৰ পৰা কমেও ২৫০০ কেজি গাঞ্জা উদ্ধাৰ কৰা হৈছে।তেওঁ লগতে কয় যে জব্দ কৰা গাঞ্জাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হ’ব লাগে।আৰক্ষীৰ মতে, মণিপুৰৰ পৰা কঢ়িয়াই অনা গাঞ্জাখন গুৱাহাটীত ডেলিভাৰী কৰা হ’ব বুলি জানিব পৰা গৈছে। কিন্তু তাৰ আগতে আৰক্ষীৰ হাতত ধৰা পৰে।
Comments