গুৱাহাটী, ২৯ অক্টোবৰঃ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গে শুক্ৰবাৰে হিমালয় অপ্টিকেল আৰু অনুষ্কা বিনানীৰ সঞ্চালক দেৱেশ্বৰ বিনানীৰ উপস্থিতিত জিএছ ৰোডত অৱস্থিত চিটি চেণ্টাৰ মলত ‘ছান-দেইজ কো’ৰ (Sun-Days Co) বিপনী উদ্বোধন কৰে। আটাইতকৈ প্ৰসিদ্ধ, উচ্চ-স্তৰৰ ব্ৰেণ্ডৰ সৈতে ছান-ডেইজ কোঃৰ চানগ্লাছ এক অত্যাধুনিক আৰু ফেশ্বনেবল চেহেৰাৰ বাবে প্ৰখ্যাত। অনুকূলিত লেন্স ব্যৱহাৰ কৰি অতি নিখুঁতভাৱে তৈয়াৰ কৰা ব্ৰেণ্ডৰ ছানগ্লাচ, চচমাবোৰ সকলো প্ৰজন্মৰ লোকৰ চকুৰ বাবে উপযুক্ত বুলি বিপনীখনৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
ছান-দেইজ কোঃ বিপনীত ছানগ্লাছৰ এক আকৰ্ষণীয় মিশ্ৰণ থাকিব। ইয়াচ ৰে-বেন, অ’কলে, ভ’গ, বাৰ্বেৰী, বুলগাৰী, কোচ, ডলচে এণ্ড গাব্বানা, এম্পোৰিঅ’ আৰ্মানি, মাৰ্ক জেকবছ, মাইকেল কৰ্ছ, জিমি চু, প্ৰাডা, চালভাটৰ ফেৰাগামো, টম ফৰ্ড, গুচি, ভাৰ্চাচে, কেলভিন ক্লেইন, হুবলট আৰু টমি হিলফিগাৰ আদিৰ দৰে দৰে ৬০ টাতকৈও অধিক সুন্দৰ ব্ৰেণ্ডৰ ছানগ্লাছ আছে।
Comments