দুলীয়াজানঃ ২৯ অক্টোবৰঃ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত কালি দুলীয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত নগৰ ৰাজভাষা ৰূপায়ণ সমিতিৰ ৪২ সংখ্যক বৈঠক অনুষ্ঠিত হয়। অইলৰ জন সম্পৰ্ক বিভাগৰ মহা প্ৰবন্ধক দেৱাশীষ বৰাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ আঞ্চলিক ৰূপায়ণ কাৰ্যালয় (উত্তৰ-পূৰ্বাঞ্চল)ৰ উপ-সঞ্চালক (ৰূপায়ণ) বদ্ৰী যাদৱৰ লগতে অইলৰ ৰাজভাষা বিষয়া আৰু নৰাকাস-দুলীয়াজানৰ সদস্য সচিব দিগন্ত ডেকা উপস্থিত থাকে। ইয়াৰ উপৰিও দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, উদ্যোগ আৰু বেংকৰ বিভাগীয় মুৰব্বী আৰু ৰাজভাষা বিষয়া বিষয়াসকল সভাত উপস্থিত থাকে।
বৈঠকত ৰাজভাষা ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাধানৰ বাবে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা হয়। উপস্থিত থকা সদস্য সচিবে আগন্তুক ২০২২-২৩ বিত্তীয় বৰ্ষত অইল ৰাজভাষা পুৰস্কাৰ আঁচনিৰ অধীনত প্ৰদান কৰা ‘অইল নৰাকাস ৰাজভাষা শ্বীল্ড’ সদস্য কাৰ্যালয়সমূহৰ মাজত দুটা ভাগত বিতৰণ কৰা, প্ৰতিটো শিতানৰ বাবে তিনিটা পৃথক বঁটা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়।
আনহাতে সভাপতিৰ ভাষণত অইলৰ মহা প্ৰৱন্ধক দেৱাশীষ বৰাই অইলৰ উদ্যোগত দুলীয়াজানৰ নৰাকাসৰ বৈঠক সময়নুযায়ী অনুষ্ঠিত কৰি অহাৰ লগতে উক্ত বৈঠকত সদস্য কাৰ্যালয়সমূহৰ পৰা গৰিষ্ঠ সংখ্যক প্ৰতিনিধিৰ উপস্থিতিয়ে ৰাজভাষা হিন্দীৰ প্ৰচাৰৰ বাবে অধিক সহায়ক হব বুলি আশা প্ৰকাশ কৰে।
ইফালে অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰ মুখ্য কাৰ্যালয়ত ৰাজভাষা উৎসৱ-২০২২ৰ পুৰস্কাৰ বিতৰণী আৰু সামৰণি অনুষ্ঠান যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত হৈ যায় ৷ অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আঞ্চলিক ৰূপায়ণ কাৰ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) ৰাজভাষা বিভাগ, গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ উপ সঞ্চালক (ৰূপায়ণ) বদ্রী যাদৱ উপস্থিত থাকে ।
মুখ্য অতিথি হিচাপে উপস্থিত থকা আঞ্চলিক ৰূপায়ণ কাৰ্যালয়, ৰাজভাষা বিভাগ, ভাৰত চৰকাৰ, গুৱাহাটীৰ উপ-সঞ্চালক ( ৰূপায়ণ) বদ্রী যাদৱে তেওঁৰ ভাষণত অইল ইণ্ডিয়া লিমিটেডে ৰাজভাষা ৰূপায়ণৰ দিশত কৰি থকা কামৰ প্ৰশংসা কৰে। তেওঁ কয়, “ভাষা হৈছে একমাত্র মাধ্যম যাৰ জৰিয়তে আমি আমাৰ চিন্তাধাৰা সহজে প্ৰকাশ কৰিব পাৰো। বর্তমান সমগ্র বিশ্বতে হিন্দী ভাষা ব্যৱহৃত হৈছে। হিন্দী ভাষাই লাহে লাহে সমগ্র বিশ্বতে নিজৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে “। ইয়াৰ উপৰিও ৰাজভাষা বিভাগে জাৰি কৰা বিভিন্ন নির্দেশনাৱলীসমূহৰ বিষয়েও তেখেতে উপস্থিত সকলোকে অৱগত কৰে।
আনহাতে অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে তেওঁৰ বক্তব্যত কয় যে, আমি সকলোৱে ভাষা শিকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত । ৰাজভাষা উৎসৱ-২০২২ উপলক্ষে আয়োজিত বিভিন্ন প্রতিযোগিতাৰ বিজয়ী অংশগ্ৰহণকাৰীসকলক প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।
Comments