তিনিচুকীয়া: ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ 'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনি,২০২১ ৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী মহিলাক আনুষ্ঠানিকভাৱে চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান ,আইন আৰু ন্যায় আদি বিভাগৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
আজিৰ চেক বিতৰণ অনুষ্ঠানত ১০০০ গৰাকী মহিলা হিতাধিকাৰীক ২০হাজাৰ টকাকৈ চেক বিতৰণ কৰে । মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰি মন্ত্ৰী ৰণজিত কুমাৰ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই ব্যৱস্থাই ৰাজ্যখনৰ দুৰ্গত মাইক্ৰ'ফাইনেন্স ঋণীক বিশেষকৈ মহিলাসকলক সকাহ দিব বুলি উল্লেখ কৰে। মন্ত্ৰী দাসে এই আঁচনিৰ সঠিক ব্যৱহাৰ কৰি নিজৰ উদ্যোগৰদ্বাৰা লাভাৱান্বিত হৈ নিজৰ উন্নতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
মন্ত্ৰী ৰণজিত কুমাৰ দাসে তিনিচুকীয়াত নিৰ্মাণ হৈ থকা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে৷ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিষয়াবৰ্গৰ পৰা নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷
Comments