গোলাঘাট, ২৯ অক্টোবৰঃ 'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেটতেই ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই উদ্দেশ্যে অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি-২০২১ আঁচনিখন গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীয়ে দায়বদ্ধতাৰে মহিলাসকলৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ সুফল আজি মহিলাসকলে ভোগ কৰিছে। এক কথাত মুখ্যমন্ত্ৰীয়ে দিয়া সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে।' এই মন্তব্য অসমৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ।
আজি অসম চৰকাৰৰ বিত্ত বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে মন্ত্ৰী নেওগে। নেওগে লগতে কয় মহিলাসকলে ইচ্ছা কৰিলে এখন এখন সমাজ পৰিৱৰ্তন কৰি দিব পাৰে। নাৰীসকল ঐক্যবদ্ধ হ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।
অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ স্বাস্থ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই অংশ গ্ৰহণ কৰি কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠণৰ পিছৰে পৰা অসমৰ প্ৰতিঘৰ পৰিয়ালৰ সমস্যাৰ বুজ লৈছে। প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ বাবে কল্যাণকামী আঁচনি প্ৰস্তুত কৰাত ব্ৰতী হৈছে।
অনুষ্ঠানত উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে নাৰীসকল এখন ঘৰৰ মূল চালিকা শক্তি। এখন ঘৰ সুচাৰুভাৱে পৰিচালনা কৰিবলৈ মহিলাসকলে যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। বহু মহিলাই একোখন ঘৰ পৰিচালনাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণৰ আশ্ৰয় ল'ব লগীয়া হয়। কিন্তু এই ঋণ সময়ত পৰিশোধ কৰিব নোৱাৰি যথেষ্ট বিপদত পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিবৰ বাবে অসম মাইক্ৰ'ফাইনেন্স সকাহ আঁচনি গ্ৰহণ কৰি মহিলাসকলৰ মুখত হাঁহি বিৰিঙাই তুলিছে।
Comments