Cartoon
View Older
যোৰহাট: ২৯ অক্টোবৰ : অসম চাহ খেতিয়ক সংস্থা চমুকৈ এ টি পি এৰ সৌজন্যত আৰু চাহ ব্র'কাৰ প্ৰতিষ্ঠান পাৰকন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সহযোগত আজি যোৰহাটৰ জিমখানা ক্লাবত টি টেষ্টিঙৰ এক কাৰ্যসূচী সম্পন্ন হয়।
বিশেষকৈ চাহৰ গুণগত মান কেনেকৈ অধিক উন্নত কৰি চাহ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে পাৰকন প্রা: লিমিটেডে অংশগ্ৰহণকাৰী এ টি পি এৰ সদস্য সকলক ব্যাখ্যা আগবঢ়ায়। আজিৰ কার্যসূচীত এ টি পি এৰ ৫০খনৰো অধিক প্ৰতিষ্ঠিত চাহ বাগিচাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Comments