গুৱাহাটী,৩০ অক্টোবৰ: আজি ছুপাৰ ছানডে'ত পাৰ্থত ভাৰতৰ সন্মুখত দক্ষিণ আফ্রিকা। ভাৰত জিকিলেই ছেমিৰ বাবে প্রবল দাবীদাৰ হৈ থাকিব। যোৱা মাহত ঘৰৰ মাটিতে প্রটিয়াজ দলটোক পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি হৈ আছে ভাৰতৰ। ৰোহিত, ৰাহুল, কোহলিয়ে চতুৰ নকিয়া, পার্নেল আৰু ৰাবাডাৰ বলিং কৌশল তেতিয়াই আগজাননী লৈ থৈছে। তথাপিও পার্থ ক্রিকেট গ্রাউণ্ডত অধিক সতর্ক হ'ব লাগিব। টীম ইণ্ডিয়াৰ পৰিচয় লাভ কৰি মুখ্য প্রশিক্ষক মার্ক বাউচাৰে কাইলৈ কেনেধৰণৰ ৰণকৌশল ৰচে সেয়া হ'ব লক্ষণীয়। কিয়নো বেইলী ৰ'ছ, এইডেন মাক্রাম, টেম্বা বাভুমা, টুবছ দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ মূল অস্ত্ৰ। সেয়ে বৃহৎ স্ক'ৰ দি বা লক্ষ্য লৈ খেলিবলৈও প্রস্তুত। যিকোনো উপায়েৰে দক্ষিণ আফ্ৰিকায়ো আপ্রাণ চেষ্টা চলাব মেচ নিজৰ মুঠিত ৰাখিবলৈ।
টীম মেনেজমেন্টে ঋষভ পণ্টক অপেনিং কৰাৰ কথা উলিয়াইছিল যদিও বিক্ৰম ৰাথোড়ে সেয়া একেষাৰতে নাকচ কৰিছে। তেওঁ কয় যে নিশ্চিতভাৱে পণ্ট ভাল খেলুৱৈ, কিন্তু এইখিনি সময়ত মূল একাদশত পণ্টৰ স্থান সম্ভৱ নহ'ব। পণ্টৰ স্থান কার্তিকেই পূৰ্ণ কৰিব। কিয়নো দীনেশ কার্তিক সম্পূৰ্ণ নিজৰ জেগাত ফিট। মাত্ৰ দুখন মেচত ব্যর্থ হ'ল বুলি ৰাহুলক খেলিবলৈ নিদিয়াৰ কথা কোনো প্রশ্নই আহিব নোৱাৰে। যদিও মেনেজমেণ্টে মোৰ লগত আলোচনা কৰিছে তথাপিও কৈছোঁ সময় আহিলেহে পণ্টক লোৱা হ'ব। ৰাহুলে মাত্ৰ এবাৰ ফৰ্মলৈ আহিলে ৰানৰ গতি দ্ৰুত হ'ব। পাৰ্থৰ পিছত কাইলৈ হ'ব দুখনকৈ মেচ। প্ৰথমখনত পাকিস্তানে নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। দ্বিতীয়খনৰ বাবে মন্থৰ হৈ পৰিব পিটছ, সেয়ে পেচ বলাৰে অধিক সুফল পাব বুলি আশা কৰা হৈছে।
Comments