গুৱাহাটী, ৩০ অক্টোবৰঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত চিভিল চাৰ্ভিচেছ এৰ্ছিভাৰ'ছ পইন্টৰ ৫০ জনৰো অধিক শিক্ষার্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ইয়াৰে ১৮ জন Assam Civil Service, ১১ জন Assam Police Service, ১ জন Assistant Employment Officer, ৩ জন Assistant Manager of Industries, ৬ জন Block Development Officer, ১ জন Inspector of Excise, ২ জন Labour Inspector, ৪ জন Superintendent of Taxes, 2 জন Sub Registerar পদত উত্তীৰ্ণ হৈ প্ৰতিষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সেই উপলক্ষে, দেওবাৰে উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানত কৃতী প্ৰাৰ্থীসকলক 'চিভিল চাৰ্ভিচেছ এৰ্ছিভাৰ'ছ পইন্ট'ৰ তৰফৰ পৰা মৰম আৰু শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে, মুখ্য সঞ্চালক ৰাজদ্বীপ লেখাৰুৰ উদ্যোগত বিগত সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু ৰেহাই মূল্যত APSC, UPSC তথা অন্য প্রতিযোগিতামূলক পৰীক্ষাৰ কৰ্মশালা প্ৰদানৰ ব্যৱস্থা কৰিছে ইয়াৰ ভিতৰত মৰাণ, মটক, চুতীয়া আদি জনগোষ্ঠীৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে, Assam Administrative Staff College টো পঢ়াবলৈ অনুমতি লাভ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়, ধুবুৰীৰ বি.এন. মহাবিদ্যালয়, শিলচৰৰ ডি. চি. মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয়, তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত যুটীয়াভাবে মাৰ্ঘেৰিটাৰ 'প্ৰয়াস' নামৰ অনুষ্ঠানৰ সহযোগত প্রশিক্ষণ কাৰ্যসূচী, অসম মতে পৰিষদৰ 'mission 1000' কার্যসূচী উল্লেখযোগ্য। বর্তমানলৈ প্ৰশিক্ষিত শতাধিক শিক্ষার্থীয়ে আৰু কর্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিছে বুলি সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে।
Comments