Cartoon
View Older
গুৱাহাটী, ৩০ নৱেম্বৰঃ সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰপৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বার্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, ২০২২ আজি ঘোষণা কৰা হৈছে।
২০২২ বৰ্ষৰ ২৮ সংখ্যক “মুনীন বৰকটকী সাহিত্য বঁটা' হালধীয়া জোতা শীৰ্ষক চুটিগল্প পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী কাহিনীকাৰ উপাসনা শইকীয়ালৈ। ১৯৯৫ চনৰপৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০.০০ (পঞ্চাছ হাজাৰ) টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্র ।
Comments