Cartoon
View Older
গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ অক্টোবৰ ঃ মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, ২০২২ আজি ঘোষণা কৰা হৈছে৷
২০২২ বৰ্ষৰ ২৮ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘হালধীয়া জোতা’ শীৰ্ষক চুটিগল্প পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ উপাসনা শইকীয়ালৈ৷
সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পুণ্য স্মৃতিত ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ [পঞ্চাছ হাজাৰ] টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷
Comments