Cartoon
View Older
গুৱাহাটী,৩১ অক্টোবৰ:সংৰক্ষণ কৰা হ’ব সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু ‘অসমৰ নাইটিংগল’ দিপালী বৰঠাকুৰৰ বাসগৃহ।দেওবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বাসগৃহত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল।প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে চিত্ৰশিল্পীগৰাকীৰ বাসগৃহ সংৰক্ষণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া উচিত।উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহাপ্ৰস্থান ঘটিছিল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ।
Comments