দুলীয়াজানঃ ৩১ অক্টোবৰঃ "দুৰ্নীতি মুক্ত ভাৰত – বিকশিত ভাৰত"-ক মূলমন্ত্ৰ হিচাপে লৈ অইলে ইণ্ডিয়া লিমিটেডে আজিৰে পৰা ৬ নৱেম্বৰলৈ সতর্কতা সজাগতা সপ্তাহ পালন কৰিছে । ব্যৱসায়িক আৰু ব্যক্তিগত লেনদেনৰ সকলো দিশত সততা আৰু ন্যায়নিষ্ঠা পালনৰ অভিযানত নিজকে পুনৰ উচৰ্গিত কৰোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু অংশীদাৰসকলৰ বাবে সপ্তাহজোৰা এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।
এই উপলক্ষে অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে আজি দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহত সতর্কতা সজাগতা সপ্তাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে উদ্বোধনী ভাষণত প্ৰতিজন অইল ইণ্ডিয়ানক সজাগ হৈ থাকিবলৈ আৰু সতর্কতা বিভাগে নিৰ্ধাৰণ কৰা পদ্ধতি, নিয়মাৱলী সম্বলিত হাতপুথি আৰু অনুপালনৰ বিষয়ে অৱগত হৈ থাকিবলৈ আহ্বান জনায় ।
আনহাতে সতর্কতা সজাগতা সপ্তাহ ২০২২ ৰ অংশ স্বৰূপে দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি আৰু জীৱনৰ প্ৰতিটো দিশতে সততা আৰু সত্যনিষ্ঠা প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এক চাইকেল ৰেলী বাহিৰ কৰে । ইয়াৰোপৰি
সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে দুলীয়াজান, মৰাণ আৰু ডিগবৈৰ বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন কুইজ, তৰ্ক আৰু ছবি অঁকা প্রতিযোগিতা, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৰচনা লিখা প্রতিযোগিতা, দুলীয়াজান আৰু ইয়াৰ আশে-পাশে থকা গাওঁ সভা আৰু ৰাজহুৱা স্থানসমূহত বাটৰ নাটৰ দৰে প্ৰসাৰিত কাৰ্যসূচী হাতত লৈছে। ইফালে অইল ইণ্ডিয়ানসকলৰ মাজত অনলাইন ৱাল পেপাৰ ডিজাইন প্রতিযোগিতা, অনলাইন কুইজ আৰু ৰচনা লিখা প্ৰতিযোগিতাও আয়োজন কৰা হৈছে বুলি এক বিবৃতিত উল্লেখ ।
Comments