যোৰহাট,৩১অক্টোবৰ:সমাজ ব্যৱস্থাৰ এক অংশ হিচাপে গঢ় লৈ উঠা অন্ধবিশ্বাস, কু-সংস্কাৰ তথা এলান্ধুকলীয়া ৰীতি - নীতিসমূহৰ প্ৰশমন ঘটাই বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহই বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিগত বৰ্ষৰ দৰে এই বৰ্ষটো কেন্দ্ৰটিয়ে আয়োজন কৰে 'উজনি অসম বিজ্ঞান নাট সমাৰোহ'। এই সমাৰোহ প্ৰতিবছৰে স্বৰ্গীয় ড° অৱনী চন্দ্ৰ গোস্বামীৰ স্মৰণত অনুস্থিত কৰা হয়।
উজনি অসমৰ ৮ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগঢ়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, মাজুলী,গোলাঘাট আৰু নগাওঁ জিলাই অংশগ্ৰহণ কৰা এই নাট সমাৰোহৰ মূল বিষয় বস্তু - ' মানৱ জাতিৰ উপকাৰৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা'। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নাট সমাৰোহৰ শুভ উদ্ধোধন কৰি কয় যে আজিৰ সমাজ ব্যৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিৰে গণ চেতনা জাগৰণ কৰিবলৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো এক আদৰণীয় পদক্ষেপ। লগতে তেখেতে ভৱিষ্যতে এই নাট সমাৰোহ আৰু অধিক বিশালভাবে আয়োজন কৰাত সহায়-সহযোগিতা আগবঢ়াব বুলি উপস্থিত ৰাইজক আশ্বাস দিয়ে।
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃৰ তত্বাৱধায়ক ড° প্ৰণৱজেোতি চেতিয়াই আতঁ ধৰা অনুষ্ঠানটোত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অদিতি বেজবৰুৱা উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠভ বৃদ্ধি কৰে। নাট সমাৰোহ খনৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে নাট্যকাৰ তথা নাট্য জগতত বিশেষভাৱে জড়িত ব্যক্তি ক্ৰমে ৰাজেন হাজৰীকা, প্ৰশান্ত কুমাৰ দাস আৰু দীপক নাথে। নাট সমাৰোহৰ বিচাৰক সকলে জনোৱা মতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মঞ্চস্থ হোৱা মুঠ ৯খন নাটকেই যথেষ্ট উন্নত মানদণ্ডৰ তথা বৈজ্ঞানিক তথ্য প্ৰকাশক হৈছে।
নাট সমাৰোহৰ ফলাফলসমূহ হৈছে শ্ৰেষ্ঠ দল - বাল্যভৱন, যোৰহাট , দ্বিতীয় শ্ৰেষ্ঠ দল - বিমলা প্ৰসাদ চলিহা হাইস্কুল, লখিমপুৰ , তৃতীয় শ্ৰেষ্ঠ দল - চি. কে. বি হাইস্কুল, টিয়ক বলমা , চতুৰ্থ শ্ৰেষ্ঠ দল - বনগাওঁ চলা হাইস্কুল, গোলাঘাট ,শ্ৰেষ্ঠ অভিনেতা - আদিত্য বাঢ়ৈ (চৰিত্ৰ - ৰজা) , শ্ৰেষ্ঠ অভিনেত্ৰী - অভিশ্ৰুতি শৰ্মা (চৰিত্ৰ - কাউৰী) , শ্ৰেষ্ঠ পৰিচালক - জোনালী বৰা (নাটক - ৰজাক লাগে পানী কোনে দিব আনি) , শ্ৰেষ্ঠ পাণ্ডুলিপি - অ' মোৰ ধৰিত্ৰী আই (নাট্যকাৰ - গিৰীমল্লিকা শইকীয়া)। অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা সমাজ সেৱক ড° পৰাণ বৰুৱা আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, যোৰহাট জিলাৰ সমন্বয়ক ধীৰেণ্দ কুমাৰ গগৈ উপস্থিত থকা বটাঁ - বিতৰণী অনুষ্ঠানত বটাঁ প্ৰাপ্তসকলক বটাঁ প্ৰদান কৰে ।লগতে যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াই জনাই যে এই নাটসমাৰোহত স্থান পোৱা ১ম, ২য় আৰু ৩য় দলকেইটিয়ে আগন্তুক ৰাজ্যিক ভিত্তিত হ'ব লগা নাট সমাৰোহত অংশগ্ৰহণ কৰিব পাৰিব।
Comments