Cartoon
View Older
বিলাসীপাৰা, নিজা বাতৰি দিওঁতা ৩১ অক্টোবৰ:সমগ্ৰ দেশৰ লগতে বিলাসীপাৰাতো ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু পানবাৰীস্থিত ২১আই, আৰ, এ, পি, বি, এনৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। দেশৰ প্ৰথম গৃহমন্ত্ৰী লৌহ পুৰুষ সৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি স্থানীয় মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় প্ৰাংগণৰ পৰা এক বিশাল সমদল উলিওৱা হয়।
মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই নেতৃত্ব দিয়া সমদলত অ, চি, সঞ্জীৱ দাসৰ লগতে আৰক্ষী বিষয়া সকল, জোৱান, শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ বেণ্ডৰ দল,এন, চি, চি, ভিডিপিৰ কৰ্মী সকলে সমদলত অংশগ্ৰহণ কৰে। সমদলকাৰী সকলে চহৰখনৰ মূল পথেৰে আগবাঢ়ি গৈ বিলাসীপাৰা আৰক্ষী নিবেশ প্ৰাংগণত সামৰণি পেলায়। উক্ত কাৰ্যসূচীত বিভিন্ন গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক সভাপতি সকলে উপস্হিত থাকে।
Comments