লালুক,৩১ অক্টোবৰঃ স্তন কেঞ্চাৰ সজাগতা মাহ উপলক্ষে আজি লখিমপুৰ কেঞ্চাৰ কেয়াৰ চেন্টাৰৰ উদ্যোগত লালুকৰ পথ স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আইনা বেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত লালুকৰ গড়মূৰ সোনাপুৰ প্ৰাথমিক বিদ্যালয়ত স্তন কেঞ্চাৰৰ ওপৰত এখন সজাগতা সভা অনুস্থিত কৰা হয়।তিনি শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনৰ আত ধৰে পথৰ সম্পাদক পৰাগ হাজৰিকাই।
সমল ব্যক্তি হিচাবে উপস্থিত থাকে লখিমপুৰ কেঞ্চাৰ কেয়াৰ চেন্টাৰ ৰ জিলা স্বাস্থ্য সমন্বয়ক সঞ্জীভ কুমাৰ বাইথা,দন্ত চিকিৎসক অংকিতা ঘোষ,ষ্টাফ নাৰ্চ ৰীতু ৰাণী বৰাৰ লগতে আইনা বেলফেয়াৰ ফাউণ্ডেশ্যনৰ কষ্ণ প্ৰতিম বৰদলৈ আৰূ সৌমিন পাল,পথ স্বেচ্ছাসেৱী অনুষ্ঠানৰ কেশৱ ৰঞ্জন পাল,শ্যামল বৰা,মুন্নী শইকীয়া আৰু প্ৰদিপ ফুকন, জীৱিকা সখী ক্ৰমে পম্পী শইকীয়া,নিজুমনি দেৱী,আৰতি দাস তালুকদাৰ,গীতিমালা পেগু,বুলুমনি শইকীয়া আৰু ৰশ্মি চুব্বা। সজাগতা বৃদ্ধি কৰিবৰ বাবে কেঞ্চাৰৰ প্ৰতিৰোধৰ ওপৰত বিভিন্ন শ্লগানেৰে অংশগ্ৰহণ কৰা মহিলাৰ সহযোগত এটি ৰেলী বাহিৰ কৰা হয়।
Comments