Cartoon
View Older
গুৱাহাটী,১ নৱেম্বৰ:কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ে অহা ৬ ডিচেম্বৰলৈ স্থগিত ৰাখে ৷ সোমবাৰৰ এই শুনানিৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই পুনৰ উল্লেখ কৰিলে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ কেতিয়াও মানি নলয় ৷
সৰ্বমুঠ ২৩২ খন আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখৰ পূৰ্বে গোচৰটোৰ সৈতে জড়িত সকলো প্ৰাসংগিক নথি সংকলনৰ বাবে দুজন ন’ডেল অধিবক্তাও নিযুক্তি দিছে ।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, বিগত কেইবাটাও দশক ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বহিঃৰাষ্ট্ৰৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছে । উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ কেতিয়াও মানি নলয় ৷
Comments