গুৱাহাটী,১ নৱেম্বৰ:অৱশেষত টাইপাৰ দাবীত সেও মানিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই । আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই । সোণাৰিৰ সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠকত ক্ষমা বিচাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ।
বহু বিতৰ্কৰ অন্তত দেওবাৰে টাই আহোম যুৱ পৰিষদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ দেওবাৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, যুটীয়া সম্পাদক ড৹ দুৰ্লভ পাঠক, সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাৰ ওপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে এক বৈঠকত ।
এই বৈঠকৰ পাছতে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই । কোনো জাতি-জনগোষ্ঠীৰ ওপৰত শংকৰদেৱ সংঘৰ বিদ্বেষ ভাৱ নাই বুলি কৈ শংকৰদেৱ সংঘৰ প্ৰতিটো কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে মৰিয়নীত আহোমৰ পৰম্পৰাৰে অনুষ্ঠিত হোৱা বিবাহ খাবলৈ গৈ সংঘৰ পৰা বহিষ্কাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল টাইপাই ।
Comments