গুৱাহাটী,১ নৱেম্বৰ:এলন মাস্কে টুইটাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে টুইটাৰত বিভিন্ন পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ ভুৱা একাউণ্ট আৰু টুইটাৰক অপব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হৈছে মাস্ক নেতৃত্বাধীন টুইটাৰ । আপত্তিজনক যৌনগন্ধী বিষয়বস্তু শ্বেয়াৰ কৰা ভাৰতৰ ৫২,১৪১ টা একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে । ২৬ আগষ্টৰ পৰা ২৫ ছেপ্টেম্বৰলৈ শিশু যৌন শোষণ, অসন্মতিপূৰ্ণ নগ্নতা আদি প্ৰচাৰ কৰা ভাৰতৰ একাউণ্টসমূহ নিষিদ্ধ কৰিছে টুইটাৰে ।
ইতিমধ্যে সন্ত্ৰাসবাদৰ প্ৰচাৰ চলোৱা ভাৰতৰ ১,৯৮২ টা একাউণ্টো নিষিদ্ধ কৰিছে টুইটাৰে । টুইটাৰে নতুন তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ অধীনত মাহেকীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে অভিযোগ নিষ্পত্তি প্ৰণালীৰ জৰিয়তে এমাহত ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ পৰা ১৫৭ টা অভিযোগ পোৱা গৈছিল আৰু সেই ইউআৰএলবোৰৰ ১২৯ টাৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
Comments