Cartoon
View Older
গুৱাহাটী,১ নৱেম্বৰ:হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈ । ইয়াৰ বাবে প্ৰয়োজন হ'ব অস্ত্ৰোপচাৰৰ । হৃদযন্ত্ৰৰ এই অস্ত্রোপচাৰৰ বাবে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ যাব বেংগালুৰুলৈ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্রহণ কৰা অখিল গগৈৰ হৃদযন্ত্ৰৰ উক্ত ৰোগৰ অস্ত্রোপচাৰ অসমত সম্ভৱ নোহোৱাৰ বাবেই বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত সম্পন্ন কৰাৰ বাবে পৰামৰ্শ দিছে চিকিৎসকে। চিকিৎসকৰ পৰামৰ্শ মানি বেংগালুৰুত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে বিধায়ক গগৈয়ে।
সোমবাৰে জি এম চি এইচৰ পৰা অব্যাহতি দিয়া হৈছে অখিল গগৈক । আজি বিয়লি বেংগালুৰুলৈ ৰাওনা হ'ব অখিল গগৈয়ে । উল্লেখ যে, বিধায়ক অখিল গগৈয়ে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হোৱা কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটোক লৈ বিশেষ চৰ্চা হৈছে ।
Comments