Cartoon
View Older
গুৱাহাটী,১ নৱেম্বৰ:মঙলবাৰৰ পৰা মুকলি হ’ল নতুন কলীয়াভোমোৰা দলং । কোনো ধৰণৰ আনুষ্ঠানিকতা নোহোৱাকৈ মুকলি কৰা হয় ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন কলীয়াভোমোৰা সেতু । অসমৰ ভিতৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা সপ্তমখন দীৰ্ঘতম দলং ।
২০১৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৩.৪০ কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ । কলীয়াভোমোৰাৰ প্ৰথমখন দলং পুনৰ নিৰ্মাণৰ বাবে আজিৰে পৰা সামগ্ৰিকভাৱে বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণৰ ব্যৱহাৰৰ বাবে নতুন দলংখনৰ মুকলি কৰা হয় ।
Comments