Cartoon
View Older
গুৱাহাটী,৩ নৱেম্বৰ:প্ৰতিকূল বতৰৰ বাবে উমিয়াম হ্ৰদৰ সমীপৰ ইউনিয়ন খ্ৰীষ্টান কলেজ (ইউচিচি)ত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ ফলত প্ৰকৃতিৰ মনোমহা পৰিৱেশৰ মাজত এটা সুন্দৰ দিন পাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
সামাজিক মাধ্যমত ইতিমধ্যে আকস্মিকভাৱে তেওঁ লাভ কৰা দিনটোৰ মিঠা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।দৰাচলতে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গাৰো পাহাৰৰ নিজৰ সমষ্টিত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ হেলিকপ্টাৰেৰে তুৰালৈ উভতি অহাৰ সময়তে প্ৰতিকুল বতৰৰ বাবে তেওঁৰ হেলিকপ্টাৰখনে ইউচিচিত জৰুৰী অৱতৰণ কৰে।তাৰ পিছতে এই বিশেষ দিনটোৰ আনন্দ উপভোগ কৰি চাংমাই ইউচিচি কেম্পাছ পৰিদৰ্শন কৰাৰ লগতে প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে।সেই সময়ত তেওঁ ইউচিচিৰ কেণ্টিনতো দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
Comments