Cartoon
View Older
গুৱাহাটী, ৩ নৱেম্বৰ:ডুবাইৰ পৰা ভাৰতলৈ অহা এটা পৰিয়ালৰ শাৰী, জোতা আৰু ছুটকেছত লুকুৱাই থোৱা প্ৰায় ৪ লাখ ৯৭ হাজাৰ মাৰ্কিন ডলাৰ (ভাৰতীয় হিচাপত ৪ কোটি ১১ লাখ টকা) জব্দ কৰিছে মুম্বাই বিমানবন্দৰৰ শুল্ক বিভাগে । এক গোপন সূত্ৰৰ পম খেদি এয়াৰ ইনটেলিজেন্স ইউনিটে অভিযান চলায় আৰু দুজন জ্যেষ্ঠ নাগৰিককে ধৰি এই পৰিয়ালটোক আটক কৰে।
যাত্ৰীসকলে শাৰীসমূহৰ ভাঁজ, জোতাৰ ভিতৰৰ চ'ল আৰু এটা ছুটকেছত ইউএছডিৰ বাণ্ডিলসমূহ লুকুৱাই আনিছিল । তিনিওজনক গ্ৰেপ্তাৰ কৰি দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছে আৰু এই আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । অধিক তদন্ত এতিয়াও চলি আছে ।
Comments