গুৱাহাটী,৩ নৱেম্বৰ:১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ নিৰ্বাচন।৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।বৃহস্পতিবাৰে গুজৰাট নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি এই কথা জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।ৰাজ্যখনৰ মুঠ ১৮২ খন বিধানসভা আসনৰ আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৮৯খন আৰু দ্বিতীয় পৰ্যায়ত ৯৩খন আসনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
নিৰ্বাচন আয়োগে সংবাদ মেলত জানিবলৈ দিয়া মতে, এই বছৰ ৪.৯ কোটিৰো অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে।গ্ৰামাঞ্চলত ৩৪ হাজাৰৰো অধিক ভোটকেন্দ্ৰকে ধৰি ৫১ হাজাৰৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে।মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই সময়সূচী ঘোষণা কৰাৰ পূৰ্বে মৰবী দলং দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।কমেও ১৩৫ জন লোকৰ মৃত্যু হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাত পলম হোৱা বুলিও তেওঁ কয়।
Comments