গুৱাহাটী, ৪ নৱেম্বৰঃ টুইটাৰৰ নতুন গৰাকীয়ে কেৱল টুইটাৰ ব্যৱহাৰকাৰীৰ ওপৰতেই নহয় টুইটাৰ কৰ্মচাৰীসকলৰ ওপৰত তেওঁলোকৰ বিবৃতি আৰু টুইটৰ জৰিয়তে একেৰাহে হেঁচা প্ৰয়োগ কৰি আছে। শেহতীয়াকৈ, এনে কিছুমান ঘটনা পোহৰলৈ আহিছে, যিবোৰ দেখি সকলোৱে আচৰিত হৈ পৰিছে। কিয়নো, শেহতীয়াকৈ ভাইৰেল হোৱা কিছুমান ফটোত টুইটাৰৰ কৰ্মচাৰীক কাৰ্যালয়ত শুই থকা দেখা গৈছে।
মূল ঘটনা অনুসৰি, এভন নামৰ এজন টুইটাৰ কৰ্মচাৰীয়ে এই ছবিখন টুইট কৰিছে। য'ত তেওঁ লিখিছে যে, "কামৰ বোজাৰ বাবে, কৰ্মচাৰীসকলে কোম্পানীটোৰ কাৰ্যালয়তে শুই আছে।" ইপিনে, ইলন মাস্কে ইতিমধ্যে টুইটাৰৰ বাবে বহুতো পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰিছে। তেওঁ ইয়াৰ বাবে টুইটাৰৰ কৰ্মচাৰীসকলক নিৰ্দিষ্ট সময়সীমাও বান্ধি দিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম পূৰণ নকৰিলে টুইটাৰৰ কৰ্মচাৰীসকলে চাকৰি হেৰুওৱাৰ আশংকা আছে। এই টুইটটো শেহতীয়াকৈ পোহৰলৈ আহিছে। কিয়নো ইলনে ইতিমধ্যে টুইটাৰৰ প্ৰায় ৩,৭০০ কৰ্মচাৰী নাইবা ৫০ শতাংশ কৰ্মচাৰী বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰি থৈছে।
টুইটাৰৰ নতুন গৰাকীজনে ক্ষতিগ্ৰস্ত কৰ্মচাৰীসকলক সোনকালেই অৱগত কৰিব। বাকী কৰ্মচাৰীসকলক কাৰ্যালয়লৈ আহি থাকিব পাৰিব। ইয়াৰ লগতে ভাইৰেল হোৱা ফটোখনে এইটো সূচায় যে, নিৰ্দিষ্ট সময়ৰ ভিতৰত কামবোৰ সম্পূৰ্ণ কৰিবলৈ কৰ্মচাৰীসকলে অধিক চাপত কাম কৰাৰ বাবে কাৰ্যালয়ৰ মজিয়াক তেওঁলোকৰ বিচনা পাৰি শুবলৈ ধৰিছে।
Comments