গুৱাহাটী, ৪ নৱেম্বৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্বাস্থ্যসম্পৰ্কে এটা বিশেষ খবৰ পোৱা গৈছে। কিছুসংখ্যক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে পুটিনৰ স্বাস্থ্য ভাল নহয়। শেহতীয়াকৈ এখন ছবিও ভাইৰেল হৈ আছে য'ত পুটিনৰ হাতত বেজীৰ চিহ্ন দেখা গৈছে। ভাইৰেল হৈ থকা পুটিনৰ ছবিখন কিমান দূৰ সত্য কোনেও ইয়াক নিশ্চিত কৰিব পৰা নাই। ৭০ বছৰীয়া ভ্লাদিমিৰ পুটিন, যি প্ৰায়ে স্বাস্থ্য সন্দৰ্ভত শিৰোনামত থাকে, তেওঁক আকৌ এবাৰ অসুস্থ বুলি অনুমান কৰা হৈছে। ইয়াৰ আগতে, পুটিনৰ 'কঁপি থকা আৰু থিয় হ'বলৈ সংগ্ৰাম কৰা' ভিডিঅ' ভাইৰেল হৈছিল। এতিয়া ভাইৰেল হোৱা ছবিখনত তেওঁৰ হাতত বেজীৰ চিহ্ন আৰু গাঢ় বৰণ দেখা গৈছে।
ফটোখন চাই ব্ৰিটিছ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু হাউচ অৱ লৰ্ডছৰ সদস্য ৰিচাৰ্ড দান্তে কয় যে, "পুটিনৰ হাতত এটা ক'লা ৰঙৰ বেজীৰ চিহ্ন আছে। যিয়ে সূচায় যে যেতিয়া শৰীৰৰ আন অংশবোৰত বেজী দিব নোৱাৰি, তেতিয়া ইয়াক হাতত দিয়া হয়।
ইয়াৰ আগতে, মে মাহত, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দ্ৰুতগতিত বৰ্ধিত কৰ্কট ৰোগত আক্রান্ত বুলি বাতৰি ওলাইছিল। ইয়ীৰ লগতে ৭০ পুটিন মুৰৰ বিষত ভুগি থকা আৰু দৃষ্টিশক্তি হ্ৰাস পোৱাৰ বাতৰি ওলাইছিল।
Comments