Cartoon
View Older
গুৱাহাটী,৪ নৱেম্বৰ:আজিৰে পৰা ১৩ নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত ১০০ ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় ৪ বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷
অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে সাজু হৈ উঠিছে কাছাৰী ময়দানত গ্ৰন্থমেলাৰ তোৰণ, কিতাপৰ বিপনী, অস্থায়ী প্রেক্ষাগৃহ আদি । শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত গ্রন্থমেলাখন উদ্বোধন কৰা হ'ব উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ।
Comments