গুৱাহাটী, ১ নৱেম্বৰ:শেহতীয়াকৈ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ বহুতো পৰিৱৰ্তন হৈছে। বিচিচি আইৰ সভাপতি হিচাপে সৌৰভ গাংগুলীৰ কাৰ্যকাল শেষ হোৱাৰ পিছতেই ৰজাৰ বিন্নী ৰূপত নতুন সভাপতি লাভ কৰিছে। একেসময়তে জয় শ্বাহ পুনৰবাৰ সম্পাদক পদত অধিস্থিত হৈছে। ঠিক একেদৰে অসম সন্তান দেৱজিৎ শইকীয়া যুটীয়া সম্পাদক আৰু মহাৰাষ্ট্ৰৰ বিজেপি নেতা আশিস খেলাৰ ব'ৰ্ডৰ নতুন কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। এতিয়া পুনৰ দেৱজিৎ আৰু আশিসক নতুন দায়িত্ব প্ৰদান কৰিছে বিচিচিআয়ে।
তেওঁলোক দুয়োগৰাকীক অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে। আশিসক জম্মু আৰু কাশ্মীৰ ক্রিকেট এছ'চিয়েশ্যনৰ পৰ্যবেক্ষক আৰু বিহাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰ্যবেক্ষক হিচাপে অসম সন্তান দেৱজিৎ শইকীয়াক নিযুক্তি দিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে। দুয়োগৰাকীয়ে এতিয়া এই ক্ৰিকেট সন্থা দুখনৰ বিভিন্ন দিশসমূহ নিৰীক্ষণ কৰিব। বিশেষকৈ অসম ক্রিকেট সন্থাৰ সম্পাদক পদৰ দৰে গুৰু দায়িত্বত থকাৰ বাবে পুনৰ আন এটা দায়িত্ব লাভ কৰিছে দেৱজিৎ শইকীয়াই।
Comments