Cartoon
View Older
গুৱাহাটী,২ নৱেম্বৰ:বাৰে বাৰে হত্যাৰ ভাবুকি লাভ কৰাৰ পিছতে বলিউডৰ ডাবাং খানৰূপে পৰিচিত চলমান খানক ৱাই প্লাছ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে মুম্বাই আৰক্ষীয়ে।উল্লেখযোগ্য যে, অভিনেতাগৰাকীয়ে লৰেন্স বিষ্ণৈ গেঙৰ পৰা হত্যাৰ ভাবুকিৰ পত্ৰ লাভ কৰাৰ পিছতে এই নিৰাপত্তা প্ৰদান কৰে মুম্বাই আৰক্ষীয়ে।
পিতৃ-পুত্ৰই ভাবুকিৰ পত্ৰ লাভ কৰাৰ পিছতে আত্ম সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীৰ ওচৰত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিছিল চলমান খানে।কিন্তু মহাৰাষ্ট্ৰৰ গৃহ পৰিক্ৰমা বিভাগে অভিনেতাগৰাকীক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিপৰীতে ৱাই প্লাছ শ্ৰেণীৰ নিৰাপত্তা বৃদ্ধি কৰে।
Comments